পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে যোৱা দুবছৰত লাভ কৰা পুৰস্কাৰসমূহ - দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ(ক-বৰ্গ) ক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান- ২০১৭-২০১৮ অসমে লাভ কৰে। দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে আগবঢ়োৱা শ্ৰেষ্ঠ জিলাৰ পাৰদৰ্শিতা পুৰস্কাৰ ২০১৭-২০১৮ ধেমাজি জিলাই লাভ কৰে। ২০১৭-২০১৮ বৰ্ষত, UCO-RSETI, গোৱালপাৰাৰ উত্তৰ পূৱ আৰু পাৰ্বত্য অঞ্চলৰ ভিতৰত বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰে। চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ দীপান্বীতা আত্ম-সহায়ক গোট ২০১৬-২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সন্মান লাভ। ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা প্ৰশিক্ষণ প্ৰতিষ্ঠান দিৱস উপলক্ষে আগবঢ়োৱা তৃতীয় পুস্কাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে RSETI প্ৰতি আগবঢ়োৱা বিশেষ সহায়তাৰ বাবে লাভ কৰে। UCO-RSETI, কোকৰাঝাৰ পাৰদৰ্শিতাৰ ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীফ্য গ্ৰামীণ জীৱফিকা প্ৰশিক্ষণ প্ৰ্তিষ্ঠান দিৱস উপলক্ষে আগবঢ়োৱা দ্বিতীয় পুৰস্কাৰ লাভ। অসম গ্ৰামীণ বিকাশ বেঙ্ক(AGVB), RSETI, তেজপুৰে গ্ৰামীণ জীৱিকা প্ৰশিক্ষণ বিপ্লৱত আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা প্ৰশৈশণ প্ৰ্তিষ্ঠানৰ তৃতীয় পুৰস্কাৰ লাভ। প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা-গ্ৰামীণৰ অধীনত বাকী পৰি ৰোৱা গৃহ নিৰ্মাণৰ তালিকাখন ৰূপায়ণৰ বাবে আশানুৰূপভাৱে চূড়ান্ত কৰাৰ বাবে অসমে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশস্তি-পত্ৰ লাভ কৰে। তিনিচুকীয়া জিলা পৰিষদৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক পঞ্চায়তৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। নলবাৰী জিলাৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ বনগাঁও গাঁও পঞ্চায়তৰ পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ কোঁৱৰগাঁও গাঁও পঞ্চায়তৰ পৰিষ্কাৰ ই গৰ্ৱণৰনেন্সৰ ক্ষেত্ৰত ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। শিৱসাগৰ জিলাৰ পশ্চিম অভয়পুৰ উন্নয়ন খণ্ডৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ ২০১৬-২০১৭ চনৰ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ বজালতলী গাঁও পঞ্চায়তৰ ২০১৭-২০১৮ চনৰ দীফন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ লাভ। গাওঁ উন্নয়নৰ প্ৰতি দায়ৱদ্ধতা সকলোৰে বাবে সুখ-সমৃদ্ধি। উৎস: নিয়মীয়া বাৰ্তা