ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-ফাইলিং ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-ফাইলিং ব্যৱস্থাৰ সুবিধা আৰম্ভ কৰা হৈছে ০২ অক্টোৱৰ, ২০০৬ চনৰ পৰা। এই সুবিধাৰ ফলত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ মোকর্দ্দমা বিলাক ইন্টাৰনেটৰ যোগেদি যিকোনো ঠাইৰ পৰাই দাখিল কৰিব পাৰে। যিকোনো ব্যক্তিয়ে নাম নথিভুক্ত কৰি লৈ এই পৰিসেৱাৰ সুবিধা ল'ব পাৰে। নাম নথিভুক্ত কৰিবৰ বাবে ইয়াত ক্লীক কৰক ইন্টাৰেকটীভ ভয়েচ ৰেচপঞ্চত উচ্চতম ন্যায়ালয়ৰ বাকী থকা মোকর্দ্দমাৰ পৰিস্থিতি এই বিধ পৰিসেৱাৰ সুবিধা লৈ মোকৰ্দ্দমাকাৰী আৰু অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ত বাকী পৰি থকা তেওঁলোকৰ মোকর্দ্দমা বিলাকৰ অৱস্থান সম্পর্কে টেলিফোনৰ জৰিয়তে ইন্টাৰেকটীভ ভয়েচ ৰেচপঞ্চ (IVR) ব্যৱস্থাৰ দ্বাৰা বিনামূলীয়াকৈ জানিব পাৰে। এই সুবিধা ল'বলৈ ফোন কৰক এই নম্বৰত: ০১১-৪৩৬২০৬২, ৪৩৬০১১২ ই-ন্যায়বিচাৰ উপলব্ধ পৰিসেৱাসমূহ প্রয়োজনীয় আইনি তথ্য বিলাক সংগ্রহ কৰক প্রয়োজনীয় তথ্য বিলাকৰ এটা প্রিন্ট লওক কিবা সুধিবলগীয়া থাকিলে আইনি বিশেষজ্ঞৰ, আইনি পৰিসেৱা কৰ্তৃপক্ষৰ বা আন যিকোনো কৰ্তৃপক্ষৰ পৰামর্শ লওক আপোনাৰ আইনি সমস্যাবিলাকৰ বাবে অনলাইনত উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰক যদি আবেদন গ্রহন কৰিছে, তেন্তে আপোনাৰ মোকর্দ্দমাৰ অৱস্থান সম্পর্কে উক্ত কৰ্তৃপক্ষৰ পৰা জানি লওক উৎস: আইএনডিজি দল।