ৰাষ্ট্ৰীয় জলপানী সেৱা পৰ্টেল: ৰাষ্ট্ৰীয় জলপানী সেৱা পৰ্টেলত শিক্ষাৰ্থীৰ লগত জড়িত বিভিন্ন সেৱা যেনে শিক্ষাৰ্থীৰ জলপানীৰ আৱেদন পত্ৰ,এই আৱেদন পত্ৰৰ ৰছিদ পত্ৰ তথা ইয়াৰ শেহতীয়া অৱস্থিতিৰ বিষয়ে এই পৰ্টেলৰ পৰা শিক্ষাৰ্থীয়ে অৱগত হব পাৰিব। এই সেৱা আপুনি কত লাভ কৰিব পাৰিব? আপোনাৰ এলেকাৰ ওচৰৰ অৰুনোদয় কেন্দ্ৰত আপুনি এই সেৱা লাভ কৰিব পাৰিব। এই ৰাষ্ট্ৰীয় জলপানী সেৱা পৰ্টেলৰ মুল লক্ষ্য কি? এই ৰাষ্ট্ৰীয় জলপানী সেৱা পৰ্টেলৰ মূল উদ্দেশ্য হল এক নিকা খৰকটীয়া তথা স্বচ্ছ ব্যৱস্থা তৈয়াৰ কৰা যাৰ দ্বাৰা শিক্ষাৰ্থীয়ে কোনো জটিলতা অবিহনে হিতাধিকাৰিয়ে নিজৰ বেংকৰ একাউণ্টত প্ৰাপ্য জলপানী লাভ কৰা। এই পৰ্টেলৰ মূল উদ্দেশ্যসমূহ হল: সময়মতে শিক্ষাৰ্থীক জলপানী প্ৰাপ্য কৰোৱাঁ। এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰা বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জলপানী আচঁনিকলৈ। সমগ্ৰ জলপানী ব্যৱস্থাক নিকা আৰু স্বচ্ছ কৰা। জলপানী ব্যৱস্থাৰ পৰা জালিয়াতী দূৰ কৰা। হিতাধিকাৰীক সহজতে জলপানী সুবিধা প্ৰদান কৰা লাভলাভ বা সুবিধাসমূহ: শিক্ষাৰ্থীৰ সুবিধাসমূহ হল: সকলো ধৰনৰ জলপানী বাবে এখন উমৈহতীয়া আৱেদন পত্ৰ। এবাৰেই মাথোন পঞ্জীয়ন প্ৰয়োজন। যোগ্যতাৰ ভিত্তিত এই ব্যৱস্থাই নিজেই কেনেধৰনৰ জলপানী শিক্ষাৰ্থী যোগ্য তাক অৱগত কৰাব। সমগ্ৰ জলপানী ব্যৱস্থাটো উন্নয়ন: জলপানী ব্যৱস্থাত জালিয়াতী দূৰীকৰন। জলপানীৰ লাভলাভ পোনে পোনে শিক্ষাৰ্থীৰ একাউন্টত জমা। সমগ্ৰ জলপানী প্ৰক্ৰিয়াকৰনৰ শেহতীয়া তথ্য ইমেইল আৰু মেছেজৰে শিক্ষাৰ্থীক অৱগতকৰন। জলপানীৰ বাবে অনলাইন আৱেদন প্ৰক্ৰিয়া: প্ৰথমতে শিক্ষাথীয়ে এই অনলাইন পৰ্টেলত পঞ্জিয়ন বুটমত ক্লিক কৰিব লাগিব। তাৰ পিছত এই অনলাইন পঞ্জিয়ন আৱেদন পত্ৰত পূৰন কৰি তাক সংৰক্ষন কৰক।এই আৱেদন পত্ৰত আৱেদনকাৰীৰ নাম,অভিভাৱকৰ নাম,ঠিকনা আদিকে ধৰি প্ৰাথমিক পৰিচয়সূহ ইয়াত বিচৰা হয়। এই অনলাইন আৱেদন পত্ৰ সংৰক্ষন কৰাৰ পিছত শিক্ষাথীয়ে এক ক্ষন্তেকীয়া সাংকেতিক চিহ্ন লাভ কৰিব। এবাৰ এই অনলাইন আৱেদন পত্ৰ পূৰন হোৱাৰ পিছত তাক সংৰক্ষন কৰক তেতিয়া শিক্ষাৰ্থীয়ে এক স্থায়ী পঞ্জীয়ন চিহ্ন লাভ কৰিব যিটো শিক্ষাৰ্থীয়ে পিছত পুনৰ নতুনীকৰন তথা আৱেদন পত্ৰৰ শেহতীয়া অৱস্থিতিৰ বিষয়ে জানিব পাৰিব।এবাৰ শিক্ষাৰ্থীয়ে এই আৱেদন পত্ৰ সংৰক্ষন কৰাৰ পিছত পৰৱৰ্তী সময়ত ইয়াক সম্পাদিত কৰিব নোৱাৰিব যেতিয়ালৈকে এই জলপানী আৱেদন পত্ৰৰ প্ৰক্ৰিয়া সমাপ্ত নহয়। অধিক জানিবৰ বাবে তলত দিয়া লিংকত ক্লিক কৰক: >ক্লিক কৰক বিদ্যালয়,কলেজ,প্ৰতিষ্ঠান অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া: এই লিংকত ক্লিক কৰক- পঞ্জীয়ন কৰিব বিচৰা আগতে এবাৰ অনুসন্ধান কৰি চাওঁক ইতিমধ্যে পঞ্জীয়ন হয় আছে নে নাই। যদি ইতিমধ্যে পঞ্জিয়নভুক্ত হোৱা নাই বুলি নিশ্চিত হয় তেতিয়া পঞ্জিয়ন বুটমত ক্লিক কৰি অনলাইন আৱেদন পত্ৰত পূৰন কৰক। এবাৰ এই অনলাইন আৱেদন পত্ৰ পূৰন হোৱাৰ পিছত তাক সংৰক্ষন কৰক। এই অনলাইন আৱেদন পত্ৰ এবাৰ সংৰক্ষন হোৱাৰ পিছত ইয়াৰ পুনৰীক্ষন হব তথা সংলিষ্ট ৰাজ্যিক বিষয়াই ইয়াক অনুমোদন জনাব।ৰাজ্যিক সংশিষ্ট বিষয়াৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক। এবাৰ এই পুনৰীক্ষন আৰু অনুমোদন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ব্যক্তিগত আইডি তথা গুপ্তশব্দ স্ংলিষ্ট ৰাজ্যিক বিষয়াই মবাইল বাৰ্তাৰ দ্বাৰা প্ৰেৰন কৰিব। উৎস: :www.scholarship.gov.in