অনলাইন ৰাষ্ট্ৰীয় ভোটাৰ সেৱা কি ? দেশৰ ভোটাৰ ৰাইজৰ সেৱাৰ সুবিধাৰ অৰ্থে দেশৰ নিৰ্বাচন আয়োগে এক অনলাইল পৰ্টেল উন্মোচন কৰিছে যাৰ নাম হল ৰাষ্ট্ৰীয় ভোট সেৱা পৰ্টেল(NVSP)।এই অনলাইন পৰ্টেল উন্মোচন কৰা হৈছিল ২৫ জানুৱাৰী,২০১৫ত ৰাষ্ট্ৰীয় ভোট সেৱা দিৱসৰ দিনা। এই অনলাইন ৰাষ্ট্ৰীয় ভোট সেৱা উদ্দেশ্য কি? এই অনলাইন ৰাষ্ট্ৰীয় ভোট সেৱা পৰ্টেলৰ মূল উদ্দেশ্য হল দেশৰ নাগৰিকক সহজতে নিৰ্বাচনী ব্যৱস্থাৰ সকলো সেৱা-সুবিধা তথা বিভিন্ন সংশোধনী ব্যৱস্থাক সহজতে প্ৰদান কৰা। এই সেৱাৰ সুবিধা আপুনি কত লাভ কৰিব? এই অনলাইন ভোট সেৱা আপোনাৰ এলেকাৰ অৰুনোদয় কেন্দ্ৰৰ সহযোগত আপুনি লাভ কৰিব পাৰিব।ইয়াৰ বাবে ওচৰৰ অৰুনোদয় কেন্দ্ৰৰ লগত যোগাযোগ কৰক। কি কি ধৰনৰ সেৱা আপুনি এই অনলাইন ভোট সেৱা পৰ্টেলৰ পৰা লাভ কৰিব? নিম্নউল্লেখিত সেৱাসমূহ আপুনি এই ভোট সেৱা অনলাইন পৰ্টেলৰ পৰা লাভ কৰিব: (১)নিজৰ ভোটাৰ পৰিচয় আপুনি লাভ কৰিব। (২)নিজৰ নাম অনলাইন পঞ্জিয়ন কৰিব পাৰিব। (৩)যিকোনো সংশোধনৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব। (৪)ভোটাৰে তেওঁৰ ভোটপ্ৰদান সমন্ধীয় সকলো তথ্য লাভ কৰিব পাৰিব। (৫)ভোটাৰে ইয়াত ভোট প্ৰদান সমন্ধীয় জ্ঞানমূলক তথ্যচিত্ৰ চাব পাৰিব । (৬)ভোটাৰে ইয়াত ইলেক্ট্ৰ্নিকছ ভোট যন্ত্ৰৰ বিষয়ে চুটি তথ্যচিত্ৰ চাব পাৰিব। উৎস: :NVSP