ষ্টেট বেংক অব ইণ্ডিয়াই নিম্নোল্লেখিত সেৱাসমূহ ম’বাইল বেংকিংৰ যোগেদি আগবঢ়াইছে পূঁজি স্থানান্তৰ( বেংকৰ সৈতে আৰু বেংকৰ বাহিৰৰ – এনইএফটি ব্যৱহাৰ কৰি)) বাহাল থকা ধনৰ অনুসন্ধান/ মিনি ষ্টেটমেণ্ট চেক বুকৰ অনুৰোধ ব্যৱহাৰ কৰা সেৱাসমূহৰ বাবদ আদায় দিবলগীয়া ধন এম কমাৰ্চ (ম’বাইল টপ আপ, মাৰ্চেণ্ট পেমেণ্ট, এচবিআই লাইফ ইঞ্চুৰেন্স) এচবিআইৰ ম’বাইল বেংকিং সেৱাৰবৈশিষ্ট্যসমূহ ম’বাইল বেংকিং সেৱাসমূহৰ বিচৰণ কৰিবলৈ, গ্ৰাহকে বেংকৰ সৈতে পঞ্জীয়ন কৰিব লাগিব ম’বাইল বেংকিংৰ দ্বাৰা প্ৰতিজন গ্ৰাহকৰ দৈনিক পূঁজি আৰু বিল স্থানান্তৰ/ মাৰচেণ্ট পেমেণ্টৰ সীমা হ’ব ক্ৰমে 5000/-টকা আৰু 10,000/- টকা আৰু মাহেকীয়া সীমা হ’ব 30,000/-টকা৷ পঞ্জীয়ন পদ্ধতি MBSREG <খালী ঠাই> <ম’বাইলৰ কোম্পানীৰ নাম> <খালী ঠাই> <ম’বাইলৰ মডেল> টাইপ কৰক আৰু 567676 লৈ এটা এচএমএচ প্ৰেৰণ কৰক, যেনে- MBSREG Nokia 6600 যদি, আপোনাৰ ম’বাইলৰ মডেল জাভা সক্ষম হয়, আৰু যদি আপোনাৰ জিপিআৰএচৰ সংযোগ আছে, তেন্তে এচএমএচৰ দ্বাৰা আপুনি ব্যৱহাৰকাৰীৰ আইডি, ডিফল্ট এমপিআইএন আৰু এটা লিংক পাব যাৰ দ্বাৰা আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব৷ ম’বাইলত আবেদন ডাউনলোড কৰাৰ পিচত, আপুনি এচএমএচৰ দ্বাৰা লাভ কৰিবলৈ বিচৰা সংবাদ আপোনাৰ ব্যৱহাৰকাৰীৰ আইডি সহ লগ ইন কৰক৷ ব্যৱহাৰকাৰীৰ আইডি আখৰ সংবেদনশীল আৰু এচএমএচত লাভ কৰাৰ দৰে প্ৰবিষ্ট কৰিব লাগিব৷ ম’বাইল বেংকিং আবেদন মুকলি কৰাৰ পিচত, আপুনি এমপিআইএন সলনি কৰিবলৈ আগবাঢ়িব পাৰে৷ যদি আগবঢ়া নাই, অনুগ্ৰহ কৰি মূল মেনুৰ পৰা “Settings” বাচনি কৰি তাৰ পিচত “Change MPIN” বাচনি কৰক৷ ডিফল্ট এমপিআইএন “old MPIN” লৈ প্ৰবিষ্ট কৰিব লাগিব আৰু আপোনাৰ বাচনি অনুযায়ী এটা নতুন এমপিআইএন “new MPIN” ত স্থাপন হ’ব৷ “Confirm new MPIN” মেনুত নতুন এমপিআইএন পুনৰ প্ৰবিষ্ট কৰি নতুন এমপিআইএনৰ নিশ্চয়তা লাভ কৰক আৰু অনুৰোধ প্ৰেৰণ কৰক৷ আপুনি এচএমএচৰ দ্বাৰা এমপিআইএন সলনি হোৱাৰ নিশ্চয়তা লাভ কৰিব৷ এমপিআইএন সলনি হোৱাৰ নিশ্চয়তা লাভ কৰাৰ পিচত, এটা গোপন প্ৰশ্ন বাচনি কৰক আৰু ইয়াৰ উত্তৰ প্ৰবিষ্ট কৰক৷ এই উদ্দেশ্যে, অনুগ্ৰহ কৰি মূল মেনুৰ পৰা “Settings” বাচনি কৰি পুনৰ “Validate Account” বাচনি কৰক আৰু তাত উদ্ভাসিত মেনুৰ পৰা এটা গোপন প্ৰশ্ন বাচনি কৰি তাৰ উত্তৰ প্ৰবিষ্ট কৰক৷ অনুগ্ৰহ কৰি এই গোপন প্ৰশ্ন আৰু তাৰ উত্তৰ মনত ৰাখক যিহেতু ই আপোনাৰ বৈধতা প্ৰমাণ, এমপিআইএন পাহৰি গ’লে অথবা ম’বাইল বেংকিং সেৱা পুনঃপঞ্জীয়ন কৰিবলৈ ব্যৱহাৰ হ’ব৷ ইয়াৰ পিছত, আপোনাৰ একাউণ্ট কাষৰ এচবিআই এটিএমত সক্ৰিয় কৰক৷ এটিএমত, আপোনাৰ ডেবিট কাৰ্ডৰ সংযোগ ঘটাই, অনুগ্ৰহ কৰি ‘Services’ আৰু তাৰ পিছত ‘Mobile Banking’ সুবিধা বাচনি কৰক৷ ম’বাইল বেংকিংৰ অধীনত, ‘Register’, বাচনি কৰি আপোনাৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক আৰু পঞ্জীয়নৰ নিশ্চয়তা লাভৰ কাৰণে আপোনাৰ ম’বাইল নম্বৰ পুনঃপ্ৰবিষ্ট কৰক৷ উপৰুক্ত পদ্ধতিসমূহ সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ একাউণ্ট সক্ৰিয় হ’ব৷ ইয়াৰ পিছত, আপুনি ম’বাইল বেংকিংৰ অধীনত আগবঢ়োৱা সকলো সেৱা ব্যৱহাৰ কৰিব পাৰিব৷ এচবিআইৰ ম’বাইল বেংকিং উৎস: আইএনডিজি দল।