দেনা বেংকে তেওঁলোকৰ গ্ৰাহকলৈ ম’বাইল এচএমএচৰ দ্বাৰা এই বেংকিং সেৱাসমূহ আগবঢ়াইছে একাউণ্টৰ বাকী থকা ধনৰ পৰিমানৰ বিষয়ে জানিবলৈ একাউণ্টৰ মিনি ষ্টেটমেণ্ট পাবলৈ চেক মুকলি/ দেয় ধনৰ অৱস্থাৰ কথা জানিবলৈ এচএমএচ বেংকিংৰ পঞ্জীয়নৰ পদ্ধতি চিবিএচ শাখাৰ সকলো গ্ৰাহকসকল যি ইনটাৰনেট বেংকিং সুবিধা ব্যৱহাৰ কৰি আছে, সেইসকলে এই সুবিধা লাভ কৰিব পাৰে৷ পঞ্জীয়ন পদ্ধতি তলত উল্লেখ কৰা হ’ল : যদি গ্ৰাহকে বতৰ্মান ইনটাৰনেট বেংকিং সুবিধা লাভ কৰি আছে, তেন্তে গ্ৰাহকে তেওঁ যে ইনটাৰনেট বেংকিং সুবিধা ব্যৱহাৰকাৰী আৰু এচএমএচ বেংকিং সুবিধা লাভ কৰিবলৈ বিচাৰে, সেই কথা উল্লেখ কৰি নিদিৰ্ষ্ট আৰ্হিৰ অনুৰোধ পত্ৰ বেংকৰ শাখাত জমা দিব লাগিব৷ অনুৰোধ পত্ৰখনত, গ্ৰাহকে গ্ৰাহকৰ আইডি আৰু ম’বাইল নম্বৰ উল্লেখ কৰিব লাগিব৷ অন্য গ্ৰাহকসকলৰ কাৰণে, তেওঁলোকে ইনটাৰনেট বেংকিং আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰাৰ প্ৰয়োজন হ’ব আৰু আবেদন প্ৰ-পত্ৰত উল্লেখ কৰিব লাগিব যে তেওঁ ইনটাৰনেট বেংকিং আৰু এচএমএচ সুবিধা লাভ কৰিবলৈ বিচাৰে৷ গ্ৰাহকে ইনটাৰনেট বেংকিং সুবিধাৰ মেনু লৈ লগ ইন কৰিব লাগিব আৰু এচএমএচ বেংকিং সুবিধাৰ কাৰণে পাছৱৰ্ড লাভ কৰিবলৈ CUSTOMIZE মেনুৰ অধীনত SET SMS PASSWORD মেনু বিচৰণ কৰিব লগিব৷ পাছৱৰ্ড স্থাপন কৰাৰ পিছত, গ্ৰাহকে এচএমএচ বেংকিং সুবিধা লাভ কৰিব৷ গ্ৰাহকৰ ম’বাইল নম্বৰত সঁহাৰি লাভ কৰিব৷ ম’বাইল বেংকিংৰ মাচুল বতৰ্মান এই সেৱা বিনামূলীয়াভাৱে আগবঢ়োৱা হৈছে৷ সেৱা লাভ কৰাৰ পদ্ধতি গ্ৰাহকে তলত উল্লেখিত আৰ্হিত বেংক ম’বাইল নম্বৰ - - 9619141566 লৈ এচএমএচ প্ৰেৰণ কৰা আৱশ্যক হ’ব৷ তলত উল্লেখ কৰা < > চিহ্নৰ সকলো গ্ৰাহকৰ দ্বাৰা পূৰণ কৰিব লাগিব৷ < SMSPWD > হ’ল গ্ৰাহকৰ দ্বাৰা স্থাপন কৰা পাছৱৰ্ড আৰু < A/C NUMBER > হ’ল গ্ৰাহকৰ একাউণ্ট নম্বৰ৷ ক্ৰ.নং সুবিধা 9619141566 লৈ প্ৰেৰণ কৰিব লগা এচএমএচৰ কীৱৰ্ড 1. বাহাল থকা ধনৰ পৰিমান < পাছৱৰ্ড > < একাউণ্ট নম্বৰ৷ > 2. মিনিষ্টেটমেণ্ট < পাছৱৰ্ড > < একাউণ্ট নম্বৰ > 3. েকৰ অৱস্থা < পাছৱৰ্ড > ম’বাইল বেংকিং সেৱাৰ আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক দেনাৰ ফোন বেংকিং সেৱাসমূহ দেনাৰ ফোন বেংকিং পদ্ধতি ধ্বনি সঁহাৰি জনোৱা পাৰস্পৰিক পদ্ধতি(আইভিআৰ পদ্ধতি)৷ গ্ৰাহকে এই সুবিধা লাভ কৰিবলৈ হ’লে ট’ল ফ্ৰী নম্বৰ 18002336427 লৈ ডায়েল কৰা প্ৰয়োজন হ’ব৷ ফোন বেংকিং পদ্ধতিয়ে গ্ৰাহকৰ বাচনিৰ ওপৰত নিৰ্ভৰ কৰি ‘ গ্ৰাহকৰ আইডি’ আৰু “লগ-ইন পাছৱৰ্ড” প্ৰবিষ্ট কৰিবলৈ সুবিধা দিব, ফোন বেংকিং পদ্ধতিয়ে গ্ৰাহকৰ অনুৰোধিত সেৱা আগবঢ়াব৷ গ্ৰাহকে বিত্তীয় লেনেদেন কৰিবলৈ বিচৰাৰ ক্ষেত্ৰত, তেওঁ লেনদেনৰ পাছৱৰ্ড প্ৰবিষ্ট কৰাৰ প্ৰয়োজন হ’ব৷ বতৰ্মান নিম্নোলিখিত বৈশিষ্টসমূহ ফোন বেংকিং সেৱাত উপলব্ধ: সকলো একাউণ্টৰ বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান মিনি বেংক ষ্টেটমেণ্ট লাভ কৰিবলৈ(5 টা লেনদেন) ই-মেইলৰ দ্বাৰা ষ্টেটমেন্ট (বতৰ্মান তাৰিখৰ পৰা 3 মাহ সময়ৰ ভিতৰৰ) ফেক্সৰ দ্বাৰা একাউণ্টৰ ষ্টেটমেণ্ট (শেষৰ 9 টা লেনদেন) ইছ্যু কৰা চেকৰ অৱস্থা জানিবলৈ (আদায় দিয়া/ অনাদায়) চেকৰ বিপৰীতে ধন আদায় দিয়া স্তব্ধ কৰিবলৈ অনুৰোধ প্ৰেৰণ ডেবিট কাৰ্ডৰ লেনদেনৰ বিষয়ে অনুসন্ধান কৰিবলৈ পুঁজি স্থানান্তৰকৰণ (বেংকৰ ভিতৰত স্ব-একাউণ্ট) পুঁজি স্থানান্তৰ পৰিচালনা কৰিবলি (বেংকৰ ভিতৰত তৃতীয় পক্ষলৈ) ফোন বেংকিংৰ পঞ্জীয়ন পদ্ধতি চিবিএচ শাখাৰ সকলো গ্ৰাহকে এই সুবিধা লাভ কৰিব পাৰে৷ গ্ৰাহকে শাখাত ফোন বেংকিং আবেদন প্ৰ-পত্ৰ জমা দিব লাগিব৷ দুটা পাছৱৰ্ড উত্পন্ন হ’ব - এটা অ-বিত্তীয় লেনদেন 'লগইন' কৰিবলৈ আৰু অন্যটো বিত্তীয় লেনদেনৰ কাৰণে –“ ট্ৰেনজেকশ্যন” পাছৱৰ্ড৷ উত্পন্ন হোৱা পাছৱৰ্ড শাখাসমূহলৈ যোগান ধৰা হয়৷ গ্ৰাহকসকলে পাছৱৰ্ড শাখাসমূহৰ পৰা সংগ্ৰহ কৰা প্ৰয়োজন হ’ব৷ দেনা বেংকৰ ফোন বেংকিং সেৱা উৎস: আইএনডিজি দল।