চেণ্ডিকেট বেংকে তেওঁলোকৰ গ্ৰাহকলৈ ম’বাইল বেংকিং সেৱা দুটা পদ্ধতিত আগবঢ়াইছে এচএমএচ অনুসন্ধান সুবিধা এচএমএচ সংকেট সুবিধা৷ নিম্নোল্লেখিত সেৱাসমূহ এচএমএচ অনুসন্ধানৰ অধীনত উপলব্ধ: এচএমএচ বেংকিংৰ কাৰণে পঞ্জীয়ন বেংকত বাহাল থকা ধনৰ পৰিমাণ জানিবলৈ প্ৰাইমেৰী একাউণ্ট সলনি কৰিবলৈ সাময়িক জমাৰ বিষয়ে জানিবলৈ ইছ্যু কৰা চেকৰ মুকলিকৰণ অৱস্থা জানিবলৈ ইছ্যু কৰা চেকৰ দেয় ধন স্তব্ধ কৰাৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ শেষৰ 5 টা লেনদেনৰ সবিশেষ লাভ কৰিবলৈ এচএমএচ অনুসন্ধান সেৱাৰ পঞ্জীয়ন পদ্ধতি আপোনাৰ মূল শাখাৰ পৰা এচএমএচ বেংকিংৰ আবেদন পত্ৰ সংগ্ৰহ কৰাক ৰয়োজনীয় নথি-পত্ৰৰ সৈতে আবেদন পত্ৰ জমা দিয়ক ইয়াৰ পিছত, তলত উল্লেখ কৰাৰ দৰে এচএমএচ অনুসন্ধান সেৱাৰ কাৰণে এটা এচএমএচ প্ৰেৰণ কৰি এচএমএচ প্ৰেৰণ কৰা ম’বাইল ফোনটোৰ একেটা নম্বৰতে পঞ্জীয়ন কৰক আবেদন পত্ৰ খনত কোনটো এচএমএচ অনুসন্ধান সুবিধা লাভ কৰিবলৈ বিচাৰে আৰু ম’বাইল নম্বৰৰ সবিশেষ (ৰাজ্যৰ ক’ডৰ সৈতে) পৰিস্কাৰকৈ উল্লেখ কৰা উচিত সকলো এচএমএচ চুটিকৈ ‘56767’ নম্বৰলৈ প্ৰেৰণ কৰা উচিত এচএমএচ অনুসন্ধান সেৱাৰ আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক: এচএমএচ সংকেত সুবিধা যদি আপুনি পঞ্জীয়ন কৰি থৈছে, তেন্তে চিণ্ডিকেট বেংকৰ এচএমএচ সংকেত সেৱা সকলো গ্ৰাহকলৈ নিম্নোল্লেখিত ঘটনাসমূহৰ ক্ষেত্ৰত স্বয়ংক্ৰীয়ভাৱে প্ৰেৰিত হ’ব: যেতিয়া ডেবিট/ক্ৰেডিট লেনদেনৰ পৰিমাণ 10,000/- টকাৰ ওপৰত অথবা গ্ৰাহকে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমাণৰ ওপৰত হ’ব৷ আপুনি পৰিচালনা কৰি থকা একাউণ্টটো যদি সংকেত সেৱাৰ কাৰণে পঞ্জীয়ন কৰি ৰাখিছে, তেন্তে বৰ্তমানৰ বাহাল থকা ধনৰ পৰিমান/দেনা-পাওনা আদিৰ মাহেকীয়া সংকেত লাভ কৰিব পাৰিব অভাৰ ড্ৰাফট সংকেত- যেতিয়া আপুনি পৰিচালনা কৰি থকা একাউণ্টৰ জমা ধন সীমাৰ তললৈ অথবা সীমা পাৰ হৈ যাব৷ এচএমএচ সংকেত সেৱা লাভ কৰাৰ পদ্ধতি আপোনাৰ মূল শাখাৰ পৰা এচএমএচ বেংকিং আবেদন পত্ৰ সংগ্ৰহ কৰক আৰু এই খন পূৰণ কৰি সেই একে শাখাতে জমা দিয়ক আবেদনত, আপুনি বিশেষভাৱে এচএমএচ সংকেত সুবিধা অনুৰোধ কৰিব লাগিব আবেদন পত্ৰ খনত কোনটো এচএমএচ অনুসন্ধান সুবিধা লাভ কৰিবলৈ বিচাৰে আৰু ম’বাইল নম্বৰৰ সবিশেষ (ৰাজ্যৰ ক’ডৰ সৈতে) পৰিস্কাৰকৈ উল্লেখ কৰা উচিত৷ চিণ্ডিকেট বেংকৰ ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক উৎস: আইএনডিজি দল।