উপলব্ধ সেৱাসমূহ বাকী থকা ধনৰ পৰিমানৰ অনুসন্ধান শেষৰ 3 টা লেনদেন চেকৰ অৱস্থা ডিমাট একাউণ্টৰ চিকিউৰীটি ধন সক্ৰিয় ম’বাইল বেংকিং ম’বাইল বেংকিংৰ পৰা পঞ্জীয়ন নাকচ সেৱাৰ বাবদ মাচুল প্ৰত্যেক বিত্তীয় বৰ্ষত সেৱাৰ বাবদ 150/- টকা (কৰ সহ) আদায় লোৱা হ’ব৷ প্ৰথম পঞ্জীয়নৰ বাবদ বিনামূলীয়া পৰীক্ষাৰ সুবিধা দিয়া হ’ব৷ গ্ৰাহকে যদি 60 দিনৰ ভিতৰত গ্ৰাহকভূক্তিৰ পৰা অব্যাহতি লয়, তেন্তে কোনো মাছুল আদায় লোৱা নহ’ব৷ ম’বাইল সেৱা ব্যৱহাৰৰ পদ্ধতি সেৱাসমূহ এচএমএচৰ গঠন Send an SMS to 5676782 or 9717000002 বেংকৰ পৰা সঁহাৰি বাকী থকা ধনৰ অনুসন্ধান BAL <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ বিশেষ একাউণ্ট নম্বৰটোৰ বিপৰীতে বাকী থকা ধনৰ সবিশেষ আপোনাক দিব৷ শেষৰ তিনিটা লেনদেন MINI <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ বিশেষ একাউণ্টটোৰ শেষতীয়া তিনিটা লেনদেনৰ সবিশেষ আপোনাক জনাব৷ চেকৰ অৱস্থা CHQSTATUS <খালী ঠাই> একাউণ্ট নম্বৰ <খালী ঠাই> চেক নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷ আপোনাৰ চেকৰ অৱস্থা জনাব৷ ডিমেট একাউণ্টৰ চিকিউৰীটি ধনৰ পৰিমাণ DMAT <খালী ঠাই> গ্ৰাহকৰ আইডি <খালী ঠাই> আইএচআইএন নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷ নিৰ্দিষ্ট গ্ৰাহক আইডিৰ অধীনত আপোনাৰ বিশেষ ডিমেট একাউণ্টৰ শ্বেয়াৰ/ছিকিউৰীটিৰ বিষয়ে জনাব৷ ম’বাইল বেংকিং সক্ৰিয়কৰণ ACT <খালী ঠাই> সম্পূৰ্ণ একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷ পঞ্জীয়নৰ কাৰণে ম’বাইল বেংকিং সক্ৰিয় কৰিব কিন্ত্ত একাউণ্ট অসক্ৰিয় কৰিব৷ ম’বাইল বেংকিংৰ অপঞ্জীয়নকৰণ SUSPEND <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰি এটা এচএমএচ প্ৰেৰণ কৰক৷ ম’বাইঅলৰ লগত নিৰ্দিষ্ট একাউণ্টটোৰ সংযোগৰ পঞ্জীয়ন নাকচ কৰা পঞ্জীয়ন পদ্ধতি ফোন বেংকিংৰ যোগেদি গ্ৰাহকে তেওঁলোকৰ নিজৰ চহৰৰ বেংকৰ ফোন বেংকিং নম্বৰলৈ ক’ল কৰি ম’বাইল বেংকিংৰ কাৰণে পঞ্জীয়ন কৰিব পাৰে৷ আপোনাৰ চহৰৰ ফোন বেংকিং নম্বৰ জানিবলৈ ইয়াত ক্লিক কৰক এটিএম ত গ্ৰাহকে তেওঁলোকৰ ডেবিট কাৰ্ডৰ লগত সংযোগিত প্ৰাথমিক একাউণ্টলৈ পঞ্জীয়ন অথবা পঞ্জীয়নৰ আপডেট কৰিব পাৰে৷ কাৰ্ড প্ৰবিষ্ট কৰক আৰু পিন নম্বৰ ভৰাওঁক৷ 'Other Services' মেনু আইটেম চয়ন কৰক৷ Mobile Banking Registration/Update' মেনু চয়ন কৰক আপুনি পঞ্জীয়ন অথবা আপডেট কৰিবলৈ বিচৰা ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক৷ ম’বাইল নম্বৰ পুনৰ প্ৰবিষ্ট কৰক পঞ্জীয়ন অথবা আপডেটৰ প্ৰাপ্তিস্বীকাৰ স্বৰুপে ৰচিদ লওঁক৷ যিটো একাউণ্ট নম্বৰত পঞ্জীয়ন অথবা আপডেট কাৰ্য্যকৰী কৰা হ’ল সেই একাউণ্ট নম্বৰটো ৰচিদখনত ছপা কৰা থাকিব৷ কাৰ্য্যকৰী কৰিবৰ কাৰণে ইয়াক অন্য 48 ঘন্টা সময়ৰ প্ৰয়োজন হ’ব৷ এক্সিচ বেংকৰ ইনটাৰনেট বেংকিং ৱেবচাইটত (আইকনেক্ট) আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ডৰ সৈতে ইনটাৰনেট বেংকিংলৈ লগ অন কৰক (যদি আপুনি আইকনেক্টৰ সৈতে পঞ্জীভূত নহয়, অনুগ্ৰহ কৰি আপোনাৰ নিচেই কাষৰ শাখাত আপোনাৰ আইডি আৰু পাছৱৰ্ডৰ কাৰণে যোগাযোগ কৰক৷) 'Customize' ত ক্লিক কৰক আৰু তাৰ পিছত 'Mobile Banking' ত ক্লিক কৰক৷ আপোনাৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক, 'Enable for Mobile Banking' পৰীক্ষা বাকচ পৰীক্ষা কৰক আৰু ম’বাইল বেংকিংৰ পঞ্জীয়নৰ কাৰণে নিজক স্থাপন কৰক৷ শাখা কাৰ্য্যালয়ত আপোনাৰ নিচেই কাষৰ শাখাত ম’বাইল বেংকিংৰ কাৰণে অনুৰোধ জনাওঁক৷ এক্সিচ বেংকৰ এচএমএচ বেংকিং উৎস: আইএনডিজি দল।