এইচডিএফচিৰ ম’বাইল বেংকিং সেৱাই গ্ৰাহকক ফোন ক’ল আৰু এচএমএচ প্ৰেৰণৰ অবিহনে ম’বাইলত বেংকিং লেনদেনৰ অনুমতি প্ৰদান কৰে৷গ্ৰাহকে ম’বাইল ফোনৰ স্ক্ৰীণত তেওঁলোকৰ লেনদেন পৰিলক্ষিত কৰিব পাৰে৷ ম’বাইল বেংকিংৰ দ্বাৰা উপলব্ধিত সেৱাসমূহ সকলো একাউণ্টত বাহাল থকা ধনৰ পৰিমানৰ অনুসন্ধান গ্ৰাহক পৰিচয় নম্বৰৰ (উচ্চতম 5 টা একাউণ্টলৈকে) সৈতে যুক্ত থাকে৷ প্ৰাইমেৰী একাউণ্টৰ শেষৰ তিনিটা লেনদেনৰ পৰীক্ষা চেকৰ ধন আদায় নিদিবলৈ অনুৰোধ চেকবুকৰ অনুৰোধ একাউণ্ট ষ্টেটমেণ্টৰ অনুৰোধ চেকৰ অৱস্থাৰ অনুসন্ধান ফিক্স ডিপজিটৰ অনুসন্ধান, ইত্যাদি পঞ্জীয়ন পদ্ধতি যদি আপুনি এই বেংকৰ সৈতে এটা একাউণ্ট মুকলি কৰিছে, একাউণ্ট মুকলিকৰণৰ নথি-পত্ৰৰ যোগেদি ম’বাইল বেংকিংৰ কাৰণে আবেদন কৰক৷ যদি ইতিমধ্যে বেংকৰ সৈতে আপোনাৰ এটা একাউণ্ট আছে, কমবাইণ্ড ডাইৰেক্ট বেংকিং চেনেল ফৰ্মৰ দ্বাৰা ম’বাইল বেংকিংৰ কাৰণে আবেদন কৰক৷ প্ৰ-পত্ৰ পূৰণ কৰক আৰু আপোনাৰ কাষৰ শাখাত ইয়াক জমা দিয়ক৷ যদি ইতিমধ্যে বেংকৰ সৈতে আপোনাৰ এটা একাউণ্ট আছে আৰু আপুনি নেট বেংকিং সেৱাৰ কাৰণে পঞ্জীভূত হৈ আছে, তেন্তে আপুনি নেট বেংকিংৰ ভিতৰ চ’ৰাত উপলব্ধ ‘ম’বাইল বেংকিং ৰেজিষ্ট্ৰেচন’ সুবিধাৰ জড়িয়তে অনলাইনত পঞ্জীয়ন কৰিব পাৰে৷ সেৱাসমূহ এচএমএচ গঠন 5676712 লৈ এটা এচএমএচ প্ৰেৰণ কৰক বেংকৰ পৰা পোৱা সঁহাৰি বাহাল থকা ধনৰ অনুসন্ধান BAL টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক একাউণ্টত উপলব্ধ থকা ধনৰ পৰিমান জনাব (আপোনাৰ গ্ৰাহক পৰিচয় নম্বৰৰ লগত যুক্ত থকা উচ্চতম 5 টা একাউণ্টৰ) মিনি ষ্টেটমেণ্ট TXN টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপোনাৰ একাউণ্টৰ শেষৰ 3 টা ডেবিট/ক্ৰেডিটৰ সংবাদ চেকৰ অৱস্থাৰ অনুসন্ধান CST <6 টা সংখ্যাৰ চেক নম্বৰ> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপুনি ইছ্যু কৰা চেকৰ আদায়/অনাদায় অৱস্থা চেক বুকৰ অনুৰোধ CHQ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপোনালৈ চেক বুক প্ৰেৰণ কৰা হ’ব(নন পেমেণ্ট-এট-পাৰ) চেকৰ ধন আদায় দিয়া স্তব্ধ কৰিবলৈ STP <6 টা সংখ্যাৰ চেক নম্বৰ> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক ইছ্যু কৰা চেকৰ ধন আদায় দিয়া স্তব্ধ কৰা হ’ল৷ একাউণ্ট ষ্টেটমেণ্টৰ কাৰণে অনুৰোধ STM টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক বৰ্তমান সময়ৰ একাউণ্ট ষ্টেটমেণ্ট আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ল৷ ফিক্স ডিপজিটৰ অনুসন্ধান FDQ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক বৰ্তমান বেংকৰ সৈতে চলিত ফিক্স ডিপজিটৰ সংবাদ লাভ কৰিব(উচ্চতম 5 টা একাউণ্ট) এইচডিএফচি বেংকৰ ম’বাইল বেংকিং সেৱা উৎস: আইএনডিজি দল।