উপলব্ধ সেৱাসমূহ বাহাল থকা ধনৰ অনুসন্ধান মিনি বেংক ষ্টেটমেণ্ট ধন স্থানান্তৰ নতুন চেক বুক ইছ্যু, চেকৰ ধন আদায় স্তব্ধ কৰিবলৈ অনুৰোধ কৰা আদি৷ আইঅ’বি ম’বাইল বেংকিং সুবিধা লাভ কৰিবলৈ পঞ্জীয়ন পদ্ধতি গ্ৰাহকে আইঅ’বি ম’বাইল বেংকিংৰ কাৰণে পঞ্জীয়ন কৰিব পাৰে, যিটো শাখাত তেওঁলোকে নিজৰ একাউণ্ট পৰিচালনা কৰি আছে৷ অনুগ্ৰহ কৰি নিম্নলিখিত স্তৰ কেইটা অনুসৰণ কৰক : স্তৰ 1 :ম’বাইল বেংকিংৰ আবেদন পত্ৰ বেংকৰ শাখাত উপলব্ধ (অথবা) ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক স্তৰ 2: আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰক আৰু প্ৰিণ্ট কৰি আপোনাৰ শাখাত জমা দিয়ক৷ স্তৰ 3: গ্ৰাহকে বেংকৰ যিটো শাখাত একাউণ্ট পৰিচালনা কৰি আছে, তাত পঞ্জীয়ন পত্ৰৰ লগত ঠিকনাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব৷ স্তৰ 4: সফল পঞ্জীয়নৰ ক্ষেত্ৰত, গ্ৰাহকে দুটা এচএমএচ লাভ কৰিব৷ স্তৰ 5: আপোনাৰ পঞ্জীভূত ঠিকনালৈ ম’বাইল বেংকিং এমপিআইএন 3 টা কাৰ্য্যকৰী দিনৰ অন্তৰালত প্ৰেৰণ কৰা হ’ব৷ স্তৰ 6: এবাৰ আপুনি এমওইআইএন লাভ কৰিব৷ অনুগ্ৰহ কৰি চাওক: http://www.iobnet.mobi আপোনাৰ বৈধ ব্যৱহাৰকাৰীৰ আইডি আৰু এমপিআইএন প্ৰবিষ্ট কৰক৷ স্তৰ 7: ম'বাইল বেংকিং সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰক৷ আইঅ’বি ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক: উৎস: আইএনডিজি দল।