উপলব্ধ সেৱাসমূহ পূঁজি স্থানান্তৰ : ই ইউনিয়ন বেংকৰ এজন গ্ৰাহকৰ পৰা আন এজন গ্ৰাহকলৈ পূঁজি স্থানান্তৰ কৰিবলৈ অনুমতি প্ৰদান কৰে৷ ইয়াৰ কাৰণে দুয়োজন একাউণ্ট হল্ডাৰ ইউম’বাইল সেৱাৰ কাৰণে পঞ্জীভূত হৈ থাকিব লাগিব৷ বাহাল থকা ধনৰ অনুসন্ধান : ই একাউণ্টত বাহাল থকা ধনৰ সামগ্ৰিক অৱস্থা প্ৰদৰ্শন কৰে৷ মিনি ষ্টেটমেণ্ট : ই একাউণ্টৰ শেষৰ 9 টা লেনদেন প্ৰদৰ্শন কৰে৷ পঞ্জীয়ন : গ্ৰাহকে ইউম’বাইল সেৱাৰ কাৰণে বেংকৰ এটিএমত তেওঁলোকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰে৷ পঞ্জীয়ন নাকচ : গ্ৰাহকে বেংকৰ এটিএম ব্যৱহাৰ কৰি পঞ্জীয়ন নাকচ কৰিব পাৰে৷ পঞ্জীয়ন পদ্ধতি আপোনাৰ ডেবিট কাৰ্ড এটিএম কেন্দ্ৰত প্ৰবিষ্ট কৰক আৰু ডেবিট কাৰ্ডৰ পিন নম্বৰ ভৰাওক৷ প্ৰদৰ্শিত হৈ থকা স্ক্ৰীণৰ পৰা “others” বাচনি কৰক৷ ইয়াৰ পিছত, “Mobile Payment” আৰু, তাৰ পিছত “Registration” বাচনি কৰক গ্ৰাহকে তেওঁৰ ম’বাইল নম্বৰ দুবাৰ প্ৰবিষ্ট কৰাৰ প্ৰয়োজন হ’ব৷ সফল পঞ্জীয়নৰ ক্ষেত্ৰত, এটিএমে তলত দেখুৱাৰ আৰ্হিত ৰচিদ ছপা কৰিব: “Registered successfully, Activation Code XXXX, আপোনাৰ হেণ্ডচেটত ম’বাইল আবেদন ডাউনলোড কৰিবলৈ এফএচএচ মোবাইল পে প্ৰদৰ্শন কৰক৷ ম’বাইল বেংকিং আবেদন স্থাপনৰ পদ্ধতি গ্ৰাহকে তেওঁলোকৰ ম’বাইলত ইউম’বাইল আবেদন পত্ৰ ডাউনলোড কৰিবলৈ বেংকৰ ৱেবচাইট এফএচএচ মোবাইল পেপ্ৰদৰ্শন কৰক৷ অনুগ্ৰহ কৰি আবেদন ডাউনলোড কৰিবলৈ তলৰ পদ্ধতিসমূহ অনুসৰণ কৰক: এই এফএচএচ মোবাইল পে পৃষ্ঠা মুকলি কৰাৰ পিছত, আপোনাৰ ম’বাইল নম্বৰ আৰু সক্ৰিয়কৰণ ক’ড প্ৰবিষ্ট কৰক৷ “Download Application” ব্যৱস্থাত ক্লিক কৰক৷ "Model" তালিকাৰ পৰা আপোনাৰ ম’বাইলৰ মডেল বাচনি কৰক আৰু "Download" ত ক্লিক কৰক৷ নীতি-নিয়মসমূহ গ্ৰহণ কৰল৷ ইয়াৰ পিছত, আবেদন পত্ৰ আপোনাৰ পি/চি/লেপটপত ডাউনলোড হ’ব৷ ডাটা কেবোল/ব্লুটুথ অথবা জিপিআৰএচ ব্যৱহাৰ কৰি আবেদন পত্ৰ আপোনাৰ কম্পিউটাৰ/লেপটপৰ পৰা ফোনলৈ স্থানান্তৰিত কৰক৷ আপোনাৰ হেণ্ডচেটত আবেদন স্থাপন কৰক৷ ইউম’বাইল ব্যৱহাৰৰ পদ্ধতি সেৱাসমূহ ব্যৱহাৰৰ পদ্ধতি এচএমএচ প্ৰেৰণ কৰিবলৈ 9870338500 ব্যৱহাৰ কৰক বাহাল থকা ধনৰ অনুসন্ধান সামগ্ৰিক বাহাল থকা ধনৰ অনুসন্ধান কৰিবলৈ, Balance Enquiry বাচনি কৰক আৰু 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ যেতিয়া “Allow application UMobile to send message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷ মিনি ষ্টেটমেণ্ট আপোনাৰ একাউণ্টৰ শেষৰ 9 টা লেনদেনৰ অনুসন্ধান কৰিবলৈ, Mini Statement বাচনি কৰক আৰু আপোনাৰ 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ যেতিয়া “Allow application UMobile to send message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷ পূঁজি স্থানান্তৰ (বেংকৰ ভিতৰত) ধন স্থানান্তৰ কৰিবলৈ, fund transfer বাচনি কৰক আৰু আপোনাৰ 4 টা সংখ্যাৰ এমপিআইএন প্ৰবিষ্ট কৰক৷ আপুনি স্থানান্তৰ কৰিবলৈ বিছৰা ধনৰ সঠিক পৰিমাণ আৰু হিতাধিকাৰীৰৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক৷ মেছেজ প্ৰেৰণ কৰিবলৈ “Send” বাচনি কৰক৷ in the options to send the message. যেতিয়া “Allow application UMobile to send message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷ এমপিআইএন সলনি যদি আপুনি আপোনাৰ এমপিআইএন সলনি কৰিবলৈ বিছাৰে, তেন্তে this option বাচনি কৰক৷ তাৰপিছত আপোনাৰ পুৰণা এমপিআইএন প্ৰবিষ্ট কৰক, তাৰ পিছত আপোনাৰ নতুন নম্বৰ প্ৰবিষ্ট কৰক, যেতিয়া “Allow application UMobile to send text message?” প্ৰশ্ন কৰিব, Yes ত ক্লিক কৰক৷ উৎস: আইএনডিজি দল।