ভাৰতখনক অধিক সমৃদ্ধিশালী কৰি আগুৱাই নিয়াৰ বাবে নতুন চৰকাৰে ঘোষণা কৰা “মেক ইন ইণ্ডিয়া”, “ডিজিটেল ইণ্ডিয়া” আৰু “এক্ট ইষ্ট পলিচি”ৰ সুফল লাভ কৰি এখন উন্নত অংগৰাজ্যত পৰিণত হবলৈ বা কৰিবলৈ অসম সাজু হৈছেনে? ডঃ হীৰেন গোহাঁইদেৱে অসমীয়া সকলক এই সন্ধিক্ষণতে অসমীয়া জাতিটো বাচি থাকিবৰ বাবেই এক উৎপাদন নিৰ্ভৰ এক অপৰিহাৰ্য বিপ্লৱৰ বাবে আহ্বান জনাইছে। যিটো সময়ত দেশৰ মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশকে ধৰি আন ৰাজ্য সমূহে এই ধ্বজবাহক অভিযানসমূহৰ সুফলেৰে নিজৰ ৰাজ্যক সমৃদ্ধ কৰিবৰ বাবে ৰাজ্যিক নীতি সমূহৰ সা-সলনি কৰিছে, দেশী-বিদেশী বিনিয়োগক আদৰণি জনাবৰ যো-জা কৰিছে আৰু ইয়াৰ বাবে বিশেষ সা-সুবিধা আগবঢ়াই, বিনিয়োগ লাভৰ নিৰ্দিষ্ট লক্ষ্যও ঘোষণা কৰিছে। সেই হিচাবত নিজৰ ৰাজনৈতিক স্বাৰ্থক সুৰক্ষা দিয়াৰ বাবেই অসমৰ ৰাজ্য চৰকাৰে মোডী চৰকাৰৰ পৰিকল্পনাবোৰৰ ক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰা দেখা গৈছে, যিটো ৰাজ্যখনৰ সামুহিক স্বাৰ্থৰ পৰিপন্থী ও অতিশয় উদ্বেগজনক।

অসমৰ আৰ্থ-সামাজিক ছবিখন উন্নত কৰাৰ বাবে ৰাজ্যখনৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবই লাগিব। ইয়াৰ বাবে “মেক ইন ইণ্ডিয়া”ৰ শ্লোগানৰ দৰেই “মেক ইন অসম”ৰ শ্লোগানক জনপ্ৰিয় কৰাৰ লগতে বাস্তৱায়িত কৰিব পাৰিব লাগিব আৰু ইয়াৰ নেতৃত্ব হাতে-কামে বহন কৰিব লাগিব সচেতন অসমীয়া সকলেই। এই ঘৰুৱা উৎপাদন বৃদ্ধিৰ কামতোত ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ড, চৰকাৰী তথা দেশী-বিদেশী বিনিয়োগ এই আটাইকেইটা উপাদানকেই সমানে গুৰুত্ব দি আগুৱাই যাব লাগিব। তেহে সাৰ্বিক আৰু সংহত বিকাশৰ ধাৰণাটো সম্ভৱপৰ হব। একেদৰেই কুটীৰ শিল্প, ক্ষুদ্ৰ ও মজলীয়া উদ্যম গ্ৰহণ কৰিবলৈ ওলাই অহা উদ্যমী সকলক চৰকাৰে আগবঢ়োৱা সা-সুবিধা সমূহ সহজে উপলদ্ধ হোৱাটো সম্ভৱপৰ কৰিব লাগিব। স্বাৱলম্বনৰ উদ্যম সমূহক কেৱল ঋণ দিয়াৰ সলনি, অকালতে মৰহি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সঠিকভাৱে 'গজালিৰ পৰা বিশাল বৃক্ষৰ স্তৰ' পৰ্যন্ত বিশেষজ্ঞ সকলৰ প্ৰত্যক্ষ নজৰত “ইনকিউবেচন”ৰ পৰা নিজৰ শক্তিৰে আগুৱাব পৰা হোৱালৈ প্ৰতিপালনৰ বাবে ব্যৱস্থা কৰিব লাগিব। এই বিষয়টোত চৰকাৰী সংস্থাৰ লগতে দেশে-বিদেশ বিভিন্ন ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা অসমীয়া বিশেষজ্ঞ সকলেই আন অসমীয়া উদ্যমী সকলক পোহৰ দেখুওৱাবলৈ আগবাঢ়ি আহিব লাগিব। দেশ-বিদেশত থকা অসমীয়া এচোছিয়েন তথা সংস্থা সমূহে কেৱল বিহু-পূজাৰ আয়োজনতে পৰিসৰ সীমাবদ্ধ কৰি নাৰাখি এনে পৰামৰ্শমূলক সেৱাৰো আয়োজন কৰিবলৈ আহ্বান জনালো। বিশেষজ্ঞ অসমীয়াই মেণ্টৰ হিচাবে কোনো অসমীয়া উদ্যমক গাইডেন্স দি আগুৱাই নিবৰ বাবে নিজা গ্লোৱেল অভিজ্ঞতা ও দক্ষতাৰ স্থানীয় ব্যৱহাৰ আৰু স্বীকৃতি লাভৰ সুবিধা পালে নিশ্চয়কৈ নিজৰ মাতৃভূমিৰ প্ৰতি কিবা এটা কৰাৰ টান তথা দায়বদ্ধতা অনুভৱ কৰা বহুজনেই এইক্ষেত্ৰত আগুৱাই আহিবই, সেয়াও নিশ্চিত। মানৱ সম্পদক কুশল আৰু পাৰদৰ্শী হিচাবে গঢ় দি স্থানীয় পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তৃতীয় পক্ষৰ সেৱা খণ্ডৰ বজাৰখনো দখল কৰিবলৈ লক্ষ্য স্থিৰ কৰাৰ প্ৰয়োজন আছে। একেদৰে মজলীয়া আৰু বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে নিয়োগৰ বিশাল সম্ভাৱনা সৃষ্টি কৰিব লাগিব। ইয়াৰ বাবে অসমত উদ্যোগ স্থাপনৰ উপযুক্ত পৰিবেশ, নীতি, মাটি, সুৰক্ষা, কুশল মানৱসম্পদ আদিৰ নিশ্চিতি আমি আগবঢ়াব পাৰিব লাগিব। এইক্ষেত্ৰত সামাজিক সংস্থা, জাতীয় সংগঠন আৰু চৰকাৰৰ নিজা নিজা দ্বায়িত্ব আছে, যিবোৰ অসমক উন্নত ও বিকাশশীল ৰাজ্য কৰি গঢ়ি তোলাৰ স্বাৰ্থতে অন্তঃদ্বন্দ খৰিয়াল এৰিও পালন কৰাৰ সময় আজি আহি পৰিছে।

চিৰাচৰিত প্ৰতিকূলতাৰো মাজতো নিজা উদ্যমী মানসিকতাৰ কৰ্ষণ কৰি বহু কেইজন অসমীয়াই অসমতে জিলিকি উঠিছে। তেওঁলোকৰ সু-কৰ্ম আৰু সাফল্যৰ সৰু খবৰেও আন আন সকলকো আগুৱাই যাবলৈ দিব পাৰে অনুপ্ৰেৰণা। প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব বিদেশত উচ্চ শিক্ষা লভিও অসমতে উদ্যোগ স্থাপন কৰা উদ্যোগপতি অভিজিত বৰুৱাৰ নাম। “প্ৰীমিয়াৰ ক্ৰায়জেনিকচ” নামৰ উদ্যোগৰ জৰিয়তে উত্তৰ-পূৱৰ উদ্যোগ ক্ষেত্ৰখনত প্ৰয়োজনীয় গেছ, যেনে- তৈল ক্ষেত্ৰৰ বাবে নাইট্ৰ’জেন, হাস্পতালৰ বাবে অক্সিজেন, ৱেলণ্ডিঙৰ বাবে অক্সি-এচিটিলিন গেছৰ উৎপাদন কৰি বজাৰ দখল কৰিছে। উচ্চ প্ৰযুক্তিৰ ক্ৰায়জেনিক প্ৰক্ৰিয়াৰে সৃষ্ট তৰলীকৃত নাইট্ৰ’জেন বাবে প্ৰয়োজনীয় -৯৪ডিগ্ৰী চেলচিয়াছ তাপ-মাত্ৰাৰ উচ্চ-প্ৰযুক্তিৰ বাহন বিদেশৰ পৰা আনিও পৰিবহেনেৰে সেৱা আগবঢ়াইছে। গৃহভূমিত দালান সজোৱাত মগ্ন বহুতেই নাজানে যে ৱেল্ডিংত লগা প্ৰতিটো চিলিণ্ডাৰ তথা হাস্পতালত অত্যাৱশ্যকীয় অক্সিজেনকন যোগাই থকা ব্যক্তিজনো এগৰাকী খাটি অসমীয়াই! উল্লেখযোগ্য যে বৰুৱাদেৱে উত্তৰ-পূৱ ভাৰতৰ উদ্যোগী সকলৰ সংস্থা “ফাইনাৰ”ৰো সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ এনেকুৱা ব্যতিক্ৰমী উদ্যোগীৰ সফলতাৰ কাহিনী লিখা ৰশ্মি বানচালৰ গ্ৰন্থতো স্থান পাবলৈ সক্ষম হৈছে।

যোৰহাট আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়তে পঢ়ি পাছলৈ আই.আই.এম, ইন্দোৰ আৰু আই.বি.এছ হায়দৰাবাদত ব্যৱস্থাপনাৰ শিক্ষা লোৱা তিনিজন অসমীয়া ডেকাই প্ৰতিষ্ঠিত চাকৰি ত্যাগ কৰি গুৱাহাটীত গঢ়ি তুলিছে আৰোহন ফুডছ। বিজ্ঞানসন্মতভাৱে গাহৰিৰ মঙহ উৎপাদন তথা সংশ্লেষিত খাদ্যৰ ৰূপত চ’ছেজ, হেম, বেকন আদিৰে উত্তৰ-পূৱৰ লগতে দিল্লী, পাঞ্জাৱ, হাৰিয়ানাৰৰ উপৰি নেপাল, ভূটান, দক্ষিণ এছিয়াৰ বিভিন্ন দেশ সমূহত বজাৰ দখল কৰিবলৈ মন বান্ধিছে। ৰাণাপ্ৰতাপ ব্ৰহ্ম, অৰিন্দম হাজৰিকা আৰু অনাবিল গোস্বামীয়ে বিষয়টোত বিস্তৃত গৱেষণা, বিক্ৰীৰ কৌশলগত পৰিকল্পনা আদিৰে এই উদ্যমলৈ এঞ্জেল ইনভেষ্টৰ হিচাবে মুম্বাইৰ অ’মনিভৰ পাৰ্টনাৰচৰ পৰা প্ৰায় ৬কোটি টকাৰ বিনিয়োগ লভিবলৈ সক্ষম হৈ ৰাষ্ট্ৰীয় সংবাদপত্ৰত উত্তৰ-পূৱৰ সম্ভাৱনাপূৰ্ণ “ষ্টাৰ্ট-আপ” হিচাবে প্ৰচাৰ লাভ কৰিছে। উচ্চ শিক্ষিতৰ এনে উদ্যমেও পৰম্পৰাগত ভাৱে পশুপালন কৰা সাধাৰণ ৰাইজকো নিশ্চয়কৈ প্ৰেৰণা যোগাব।

গুৱাহাটীৰ অঞ্জনজ্যোতি ভট্টাচাৰ্যই অভিযন্তা হৈয়ো চাকৰি নকৰি গঢ়ি তোলা “এনজিবি” চোলাৰ ব্ৰেণ্ড আৰু “লোহিত গেঞ্জী”ৰ বিষয়ে চাগৈ আনকি জাতীয় সংগঠনৰ নেতা সকলো বেছিভাগেই অৱগত নহয়। সেৱাখণ্ডতো ভট্টাচাৰ্যই প্ৰশিক্ষণেৰে মানৱসম্পদ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাৰ ফলতে অসমীয়া ভাষাত এয়াৰটেল, এয়াৰচেল আদিৰ কল চেণ্টাৰ সমূহ গঢ় লৈ উঠাটো সম্ভৱপৰ হৈছে। অসমৰ মাজুলী পৰ্যন্ত প্ৰায় ১৫০টা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা দীপাংকৰ দত্তও এগৰাকী অসমীয়াই। গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে পুলিচ তথা ৰাইজৰ মাজত তথ্য-প্ৰযু্ক্তিৰে সংযোগ ঘটাই সহায় কৰাৰ বাবে http://crimatrix.com যোগে এখন মঞ্চ দিছে ‘গ্ল’মাইণ্ডচ চফটৱেৰ’ৰ প্ৰতিষ্ঠাতা প্ৰতিষ্ঠাপক তথা কম্পিউটাৰ অভিযন্তা চৰফৰাজ হাছান আৰু চাইফুৰ ৰহমানে। ইয়াৰ দ্বাৰা বাইক বা বাহন চুৰিৰ ক্ষেত্ৰত এচ-এম-এচ যোগে তাৎক্ষণিক ভাৱে অভিযোগ দাখিল তথা ইয়াৰ খবৰ আৰক্ষী নেটৱৰ্কত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন হোটেলৰ অতিথিৰ তালিকাও এতিয়া অনলাইনত দাখিল কৰা সুবিধাৰে অসম আৰক্ষীয়ে এই ৱেবচাইটৰ জৰিয়তে তথ্য-প্ৰযুক্তিৰে অপৰাধ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিব পাৰিছে। তাতোকৈ ডাঙৰ কথা যে এই স্থানীয় “তথ্য-প্ৰযুক্তিগত সমাধান”য়ে কেন্দ্ৰীয় চৰকাৰে ২০০০কোটি টকা বিনিয়োগ কৰা চি.চি.টি.এন.এছ (Crime and Criminal Tracking Network & Systems)ৰ সৈতেও প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হৈছে। আধুনিক ছপা-বন্ধা কামেৰে জিলিক উঠা ভৱানী গ্ৰাফিকচে উত্তৰ-পূৱৰ প্ৰায়বোৰ ৰাজ্যৰ চৰকাৰী বেচৰকাৰী কাম আকৰ্ষিত কৰাৰ লগতে গুৱাহাটীৰে জেনেচিচ নামৰ প্ৰতিষ্ঠানেও বিদেশৰ গ্ৰন্থও সুলভ মূল্যত ছপা কৰিবলৈ কাম পোৱাৰ কথাও বাতৰি কাকতত পঢ়িবলৈ পাইছো। আনকি, ধেমাজিতে চাৰি-ৰঙী ছপাশাল প্ৰতিষ্ঠা কৰি কিৰণ প্ৰকাশনৰ নৱ কলিতাই ২৫০খনতকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই উত্তৰ-পূৱ গ্ৰন্থমেলাৰ শ্ৰেষ্ঠ বিপনীৰ সন্মান পৰ্যন্ত লাভ কৰিছে। অসম সাহিত্য সভাৰ বিশাল বিশ্বকোষৰ “ইতিহাস” খণ্ডৰ ছপা-বন্ধা কৰিবলৈ পোৱাটোও একাষৰীয়া মফচলীয় নগৰ এখনৰ উদ্যমী এজনৰ বাবে ব্যতিক্ৰমী সফলতাই নহয়নে?

উদ্ধৱ ভৰালীদেৱৰ স্বীকৃতিপ্ৰাপ্ত উদ্ভাৱন সমূহ, কম খৰচী আৰু সাধাৰণ মানুহৰ ব্যৱহাৰ যোগ্য আহিলাসমূহক উৎপাদনক মূলক যন্ত্ৰ হিচাবে জনসাধাৰণে ব্যাপক হাৰত ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। জৈৱিক চাহ নিজে খেতিয়কে নিলাম কেন্দ্ৰত বিক্ৰী কৰি উচ্চ হাৰৰ দাম পোৱাৰ ভাল খবৰটোৰ লগতে ভৰালীদেৱৰ কম বিনিয়োগৰ চাহ ফেক্টৰীটোৰ আৰ্হিও ব্যৱসায়ীক ভাৱে ক্ষুদ্ৰ চাহ-ব্যৱসায়ী সংস্থা সমূহে আদৰি লোৱাৰ প্ৰয়োজন আছে। যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ গাড়ীচালক ৰূপে কৰ্মৰত ভগৱান বৰুৱাই ভীমকলৰ গছৰ পৰা ছ’ডিয়াম বাইকাৰ্বনেট আৰু অৰ্গেনিক পটাছ বনোৱাৰ প্ৰক্ৰিয়া উদ্ভাৱন কৰি দেখুৱাইছে। আনকি এই দুবিধ ঔদ্যোগিক কেঁচামালৰ ওপৰি এজোপা ভীমকলৰ পৰাই মধুনাৰ আছাৰ সহ মুঠ ওঠৰ হাজাৰ টকা পৰ্যন্ত আহৰণৰ বাবে সাধনাৰে দেখুৱাইছে নতুন পথ। একেদৰেই গোগামুখৰ প্ৰণৱজ্যোতি হাজৰিকাই ঝাৰখণ্ডত প্ৰশিক্ষণ লৈ আহি ১৭৫জোপা বনৰীয়া নৈ-পৰীয়া বগৰী গছত লা খেতি কৰি দুহেজাৰ টকা বিনিয়োগেৰে ছমাহতে লক্ষাধিক উপাৰ্জন কৰিব পৰাকৈ পথৰ নিদৰ্শন দাঙি ধৰিছে। এইফালে, মৰিগাঁৱৰ অখ্যাত কৃষক সকলে গোমধানৰ খেতিৰে স্বাৱলম্বী হোৱাৰ খবৰ আহিছে, আনফালে গোৱালপাৰা আৰু গাৰো পাহাৰত মালভোগ, চেনিচম্পা আদি উৎপাদন কৰি “দৰঙগিৰি কল বজাৰ”য়ে উত্তৰ-পূৱৰ আটাতকৈ ডাঙৰ কলৰ বজাৰৰূপে স্বীকৃতি লভি দেশৰ বিভিন্ন ঠাইলৈ কল ৰপ্তানি কৰাৰ খবৰেও মনলৈ উল্লাস আনিছে।

জাগীৰোডৰ নন্দলাল উপাধ্যায়ৰ সুদক্ষ নেতৃত্বত এসময়ত গঢ়ি উঠা সীতা-জখলা দুগ্ধ উৎপাদন সমবায় সমিতিৰ সফলতাৰ আৰ্হি হব পাৰে অসমত দুগ্ধ বিপ্লৱৰ সূ্ত্ৰধাৰ। একেদৰেই ৱামূল (ৱেষ্ট আচাম মিল্ক প্ৰডিউচাৰচ কোপাৰেটিভ ইউনিয়ন লিমিটেড)ৰ “পূৰৱী” গাখীৰো অসমীয়া সকলৰে এটি শলাগনীয় থলুৱা উদ্যম। এইবাৰ অসমৰ দুগ্ধ ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াই আনিছে আমূলেও। অসমত লোকচান ভৰি থকা ব্যক্তিগত খণ্ডৰ “পৃথ্বী ডেইৰী”ৰ সা-সুবিধা সমূহৰ ব্যৱহাৰ কৰি নতুন বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে আমূল। অসমত অহা তিনিমাহৰ ভিতৰেত আমূলৰ নেতৃত্বতো গাখীৰৰ লগতে মূল্য-সংযোজিত উৎপাদন যেনে- পনীৰ, ঘিঁউ আদি ব্যৱসায়িক অভিজ্ঞতাৰে পুষ্ট সংস্থাটোৰ তদাৰকীতে আৰম্ভ হব। উল্লেখনীয় যে সাধাৰণ দুগ্ধ উৎপাদকে গাখীৰ শীতলীকৰণ কৰি মজুত কৰিব পৰাকৈ গোবৰৰ পৰা আহৰিত শক্তি ব্যৱহাৰ কৰি বাতানুকূল ভঁৰাল নিৰ্মাণৰ সেউজ প্ৰকল্পৰ নেতৃত্ব দিছে বিটছ পিলানীৰ পৰা কেমিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক তথা জে.পি.মৰগানৰ দৰে লোভনীয় চাকৰি ত্যাগ কৰা প্ৰতিভাবান অসমীয়া ডেকা, ধেমাজিৰ অবিনাশ উপাধ্যায়ে। এইদৰে কৃষি-প্ৰযুক্তি-বিনিয়োগৰ মহামিলনত অসমতো হব নোৱাৰিবনে সামূহিক বিকাশৰ নতুন অধ্যায়ৰ সূচনা?

“ডিজিটেল ইণ্ডিয়া”ৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসমৰ নৱ-প্ৰজন্মই জানো নিজে গঢ়িব নোৱাৰিব ইলেক্ট্ৰনিক সঁজুলি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই বেংগেলুৰুত ইনটেলৰ চিপচেট প্ৰগ্ৰামিঙৰ অভিজ্ঞতাপুষ্ট তথা কৰ্মৰত তেজপুৰীয়া ডেকা কৌশিক হাজৰিকাই আৰম্ভ কৰিছে ফেচবুকত “সহজ ইলেক্ট্ৰনিকচ টকচ” নামৰ এটি গোট। ইয়াৰ জৰিয়তে “ইলেক্ট্ৰনিকচ ফৰ ইউ”ৰ নিয়মীয়া প্ৰকল্প আৰ্হি ডিজাইন কৰোতা গৰাকীয়ে দি গৈছে নতুন নতুন সহজে সাজিব পৰা প্ৰকল্পৰ আৰ্হি আৰু পৰামৰ্শ। আই.টি.আই, ডিপ্ল’মা তথা অভিযান্ত্ৰিক স্নাতক সকলৰ বাহিৰেও কম আনুষ্ঠানিক শিক্ষাৰে বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণ আৰু তাৰ ব্যৱসায়িক ভেটিৰে স্বাৱলম্বন গঢ়াৰ বাবে প্ৰেৰণা দিবলৈ নিজা খৰছত গুৱাহাটীত এইবৰ্ষতে অনুষ্ঠিত কৰে এখনি কৰ্মশালাও আৰু তাত বিভিন্ন ঠাইৰ পৰা আহি হাতে-কামে দিহা লবলৈ আগ্ৰহী সকলে অংশগ্ৰহণ কৰি এই উদ্যমলৈ সঁহাৰি জনায়। কম খৰছত এল.ই.ডি লাইট, ইনভাৰ্টাৰ, ডিজাইনাৰ লাইট, সৌৰচালিত চাৰ্জাৰ আদি অসমৰ মাটিত সম্ভাৱনাপূৰ্ণ ব্যৱসায়ৰ ৰূপত নিৰ্মাণৰ কাম উদ্যমী নৱ-প্ৰজন্মই আৰম্ভ কৰিব বিচাৰিলেও কেঁচামালৰ পৰা বজাৰলৈ উলিয়াই নিয়া পৰ্যন্ত বিশেষজ্ঞ হিচাবে দিহা দিব পৰা যাব বুলিও হাজৰিকাই প্ৰকাশ কৰিছে। ব্যক্তিগত ৰূপত এজন অসমীয়াই এইদৰে আগবাঢ়ি অহাটো আন সকলৰ বাবেও হব নোৱাৰেনে প্ৰেৰণাৰ বিষয়?

অসমত বিশাল উদ্যোগ স্থাপনেৰে সঁচাই অনাগত দিনত সৃষ্টি হবনে নিয়োগৰ সম্ভাৱনা? যাতায়তৰ অসুবিধা, চান্দা-বন্ধৰ দৌৰাত্ম্য, আন্দোলন, আন্তঃগাঁথনিৰ অভাৱ, সুৰক্ষাৰ ভীতি আদিৰ বাবেই ডাঙৰ বিনিয়োগকাৰী আহিবলৈ বা উদ্যোগ স্থাপন কৰিবলৈ ইচ্ছা নকৰে। কিন্তু পৰিবৰ্তিত সময়ত যি সময়ত পূৱৰ দুৱাৰডলি খুলি দক্ষিণ এছিয়াৰ সৈতে বাণিজ্য বিকাশৰ স্বপ্ন দেখিছে দেশে, সেই ক্ষণত অসম তথা উত্তৰ-পূৱক কেৱল পৰিবহন মাৰ্গৰ ৰূপত ব্যৱহাৰ কৰাৰ সলনি উৎপাদনী ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবই লাগিব। বিগত সময়চোৱাত অসমৰ সলনি হোৱা দৃশ্যপট, আন্তঃগাঁথনিৰ উন্নয়ন, অসমীয়া মানুহৰ বৰ্হিবিশ্বৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ ইতিবাচক দিশ আদিক ৰাষ্ট্ৰীয় মঞ্চত উজ্বলাই তোলাৰ অতিশয় প্ৰয়োজন হৈ পৰিছে। অসম তথা উত্তৰ-পূৱৰ প্ৰতি দেশ-দুনীয়াৰ মনোভাৱক সলনি কৰাৰ বাবে দিল্লীত দুবাৰকৈ “উত্তৰ-পূৱ মহোৎসৱ”ৰ আয়োজন কৰা সংস্থা ট্ৰেণ্ড এম.এম.এছয়ে এই উদ্যোগ গ্ৰহণ কৰিছে। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত দেশৰ তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শীৰ্ষ স্থানীয় মূৰব্বীসকলক একেখন মঞ্চত থিয় কৰাই অসমত উদ্যোগ স্থাপনৰ ইতিবাচক দিশ সমূহ দাঙি ধৰিবলৈ হাতত লৈছে প্ৰচেষ্টা। এই উদ্দেশ্যে ১ আগষ্ট ২০১৫ত বিখ্যাত তাজ মহল পেলেচ হোটেলৰ বলৰুমত নিৰ্বাচিত ১৫০ গৰাকী উদ্যোগপতিক সমবেত কৰিবলৈ প্ৰয়াস কৰিছে। তাত অসমৰ উদ্যোগ ও বাণিজ্য বিভাগে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে গ্ৰহণ কৰা বিভিন্ন সা-সুবিধাৰ বিষয়ে অৱগত কৰিব। অসমৰ উগ্ৰপন্থী সমস্যাটোৰ এতিয়া কি স্থিতি, উদ্যোগৰ সুৰক্ষাৰ প্ৰশ্নত থকা খু-দুৱনি মাৰি উদ্যোগপতি সকলক অৱগত কৰিবলৈ আহিব গৃহ বিভাগৰ যুটীয়া সচিব শম্ভু সিঙো। পৰ্যটনৰ লগত জড়িত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থা সমূহক আকৰ্ষিত কৰাৰ লক্ষ্যৰে উত্তৰ-পূৱৰ পৰম্পৰা ও ঐতিহ্যৰ সৈতে জড়িত সাংস্কৃতিক সমলকো একেখন মঞ্চত তুলি ধৰি এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে বুলি উদ্যমী অসমীয়া তথা মুখ্য-আয়োজক শ্যামকানু মহন্তই প্ৰকাশ কৰিছে।

এইদৰে লোকচক্ষুৰ আঁৰতো, প্ৰতিনিয়ত বিভিন্ন স্তৰত অসমীয়া সকলে বিভিন্ন উদ্যম তথা ইতিবাচক পদক্ষেপ গ্ৰহণেৰে অসমক এখন উন্নততৰ বাসভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে কাম কৰি আছে। কৃষি, সেৱা খণ্ড, প্ৰযুক্তি আদি বিভিন্ন স্তৰত নীৰৱে কৰ্মৰত অসমীয়া সকলৰ এনেবোৰ প্ৰচেষ্টাৰ কথা পোহৰলৈ আহিলে নিশ্চয়কৈ আন সকলেও হতাশাৰ মাজতো এছাটি পোহৰৰ ৰেঙনি দেখিবলৈ পাব। প্ৰতিজন সচেতন অসমীয়াই এনে সৰু-বৰ প্ৰচেষ্টাৰ অংশীদাৰ হৈ যোগাত্মক দৃষ্টিভংগীৰে অসমক উৎপাদনৰ ভেঁটিত থিয় দিয়া নতুন অৰ্থনৈতিক শক্তি কৰি গঢ়ি তুলিব লাগিবলৈ অৰিহণা যোগাব লাগিব। জ্ঞান আৰু শ্ৰমৰ ফচল হিচাবে সাৰ্বিক উন্নয়ন কৰি বাট বুলিব পাৰিলে অসমীয়াই বিশ্বৰ সমুখত এটি সুসংহত জাতি হিচাবে নিজকে নিশ্চয়কৈ আত্ম-প্ৰতিষ্ঠা কৰিব পাৰিব। ডাঙৰ হিমালয়খন আঁতৰোৱাৰ কাম এটি সৰু শিলগুটি আঁতৰোৱাৰ পৰাহে আৰম্ভ হোৱাৰ দৰে আমিও নেতিবাচক চিন্তা আঁতৰাই যোগাত্মক ভাৱনাৰে এই উদেশ্যত বাট বোলো আহক।

অজয় লাল দত্ত