তলত কাৰ্ডৰ সুৰক্ষাৰ বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছে- তলৰ সৰল-সহজ পৰামৰ্শসমূহ মানি চলিব: আপোনাৰ বেঙ্কত আপোনাৰ ম’বাইল নম্বৰ আৰু ইমেইল আইডি ৰেজিষ্টাৰ কৰি ৰাখিব।আপোনাৰ একাউন্টত ডেবিট/ক্ৰেডিট হলে আপুনি লগে লগে গম পাই যাব। অন্য কোনো লোককে আপোনাৰ কাৰ্ড পিন,ম’বাইল পিন বা ইন্টাৰনেট বেঙ্কিং পাছৱৰ্ড নজনাব। বেঙ্কৰ কৰ্মচাৰী বুলি দাবী কৰা প্ৰবঞ্চকৰ পৰা সাৱধান হৈ ৰব।অনুগ্ৰহ কৰি মন কৰিব যে কোনো বেঙ্কেই পিন বা পাছৱৰ্ডৰ কথা নোসোধে। আপোনাৰ ডেবিট কাৰ্ডৰ পিন মনত ৰাখি লব।কাৰ্ডখনৰ পিছফালে বা অন্য কোনো ঠাইতে আপোনাৰ ডেবিট কাৰ্ডৰ পিন লিখি নাৰাখিব। আপোনাৰ পিন এন্টাৰ কৰাৰ সময়ত হাতৰ তলুৱাৰে এটিএম-ৰ কীপেড ঢাকি লব। আপোনাৰ ডেবিট কাৰ্ডৰ পিন এন্টাৰ কৰিবলৈ অন্য কাকো নিদিব। ফোনত আপোনাৰ কাৰ্ডৰ সবিশেষ বা বেঙ্ক একাউন্টৰ সবিশেষ কথা কেতিয়াও কাকো নজনাব। আপোনাৰ বেঙ্ক একাউন্ট ষ্টেটমেন্ট নিয়মিতৰূপে পৰীক্ষা কৰি থাকিব। নিয়মিত ব্যৱধানত আপোনাৰ এটিএম পিন আৰু অনলাইন পাছৱৰ্ড সলনি কৰি থাকিব।যিকোনো বেঙ্কৰে এটিএম-ত আপোনাৰ ডেবিট কাৰ্ডৰ পিন সলনি কৰিব পাৰিব। লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ কাৰ্ডখন লৈ পাহৰি নাযাব। আপোনাৰ কাৰ্ডখন যদি হেৰায় বা চুৰি হয় বা কোনোবাই ফাঁকি দি ব্যৱহাৰ কৰি আছে বুলি মনত সন্দেহ হয়,তেন্তে লগে লগে আপোনাৰ বেঙ্কক জনাব। উৎস: নাবাৰ্ড